কোন ৰক্তদান কৰাৰ যোগ্য ?
কোনো সূস্থ বয়স্ক ব্যক্তি, পূৰুষ আৰু মহিলা উভয়ে প্ৰতি তিনি মাহত ৰক্ত দান কৰিব পাৰে
দাতাৰ ভাল স্বাস্থ্য সম্পূৰ্ণৰূপে নিশ্চিত কৰা আৱশ্যক| দাতা নিৰ্বাচনৰ বাবে সাৰ্বজনীন গৃহীত মানদণ্ড হৈছে:
- বয়স ১৮ ৰপৰা ৬০ বছৰৰ মাজত হ'ব লাগিব|
- হিম'গ্লবিন ১২.৫ গ্ৰাম/ডি.এল.তকৈ কম হ'ব নালাগিব|
- পালচ্ ৫০ ৰ পৰা ১০০ প্ৰতি মিনিটৰ মাজত কোনো অনিয়মিত নোহোৱাকৈ|
- ৰক্তচাপ-সিষ্টোলিক ১০০-৪০০মি. মি. /এইচ.জি আৰু ডাইষ্টোলিক ৫০-১০০ মি. মি. /এইচ.জি
- তাপমাত্ৰা-স্বাভাৱিক (মৌখিক তাপমাত্ৰ ৩৭.৫০ চে.তকৈ অত্যাধিক নহয়)
শাৰীৰিক ওজন ৪৫ কিলোগ্ৰামতকৈ কম হ'ব নালাগিব|
স্বাস্থ্য অৱস্থা: দাতাৰ মস্তিষ্ক আৰু শৰীৰ সূস্থ অৱস্থাত থকা উচিত|
তেওঁলোকে নিম্নলিখিত মানদণ্ডসমূহ পূৰণ কৰা উচিত:
- বিগত এবছৰত-জলাতংকৰ বাবে চিকিৎসা কৰা হোৱা নাই বা হেপাটাইটিস বি প্ৰতিষেধক গ্লবিন প্ৰাপ্ত|
- বিগত ছয় মাহত-টেটূ নথকা, কাণ বা ছাল ভেদন বা অকূপাংচাৰ নথকা, ৰক্ত বা ৰক্তৰ সামগ্ৰী গ্রহণ নকৰা, কোনো গুৰুতৰ অসূস্থতা বা প্ৰধান অষ্ট্ৰোপচাৰ নোহোৱা, হেপাটাইটিছ বা হালধীয়া জণ্ডিচ থকা কোনো ব্যক্তিৰ সৈতে যোগাযোগ নথকা|
- বিগত তিনি মাহত- মেলেৰিয়াৰ বাবে ৰক্তদান নকৰা বা মেলেৰিয়াৰ বাবে চিকিৎসা গ্রহণ নকৰা|
- বিগত মাহত কোনো টিকাকৰণ আছিল|
- পূৰ্বৰ ৪৮ ঘন্টাত কোনো জীবাণূ প্ৰতিৰোধী বা অন্য কোনো ঔষধ গ্রহণ কৰা (এলোপেথিক বা আয়ুর্বেদ বা সিধা বা হোমিও)
- পূৰ্বৰ ২৪ ঘন্টাত মদ্য পানীয় গ্রহণ কৰা হৈছিল|
- পূৰ্বৰ ৭২ ঘন্টাত দন্ত্য চিকিৎসা বা এসপিৰিন লোৱা হৈছিল|
- বৰ্তমান কাঁহ ইনফ্লুৱেঞ্জা বা গলৰ বিষ, সামান্য ঠাণ্ডাৰ দ্বাৰা পীড়িত নোহোৱা|
- নাৰীসকল গৰ্ভৱতী হোৱা উচিত নহয় বা তেওঁলোকে সন্তানক স্তনপান কৰোৱা উচিত নহয়|
- মহিলা দাতাসকলে মাহেকীয়া চক্ৰৰ সময়ত দান কৰা উচিত নহয়|
- বহুমূত্ৰৰোগ নথকা, বূকূৰ বিষ, হৃদৰোগ বা উচ্চ ৰক্তচাপ, কেন্সাৰ, তেজ গোট মৰা সমস্যা বা ৰক্তৰ ৰোগ, অব্যাহত জ্বৰ, ওজন হ্ৰাস, ক্লান্তি, ৰাতি ঘমা ৰোগ, কাষলতীৰ তলৰ অংশ বাঢ়ি যোৱা, গল বঢ়া, মূখত শ্বেত দাগ আদিৰ দ্বাৰা পীড়িত নোহোৱা|
- কেতিয়াও টি বি, হাঁপানি বা এলাৰ্জিক ব্যাধি, লিভাৰ ৰোগ, (কিডনি) বৃক্ক ৰোগ, ফিট বা মূৰ্চ্ছিত যোৱা, নীলা বা ৰক্তবৰ্ণ বিন্দূ ত্বক বা শ্বাসনলীৰ বিচল্লিত মানূহ, পিটূইটাৰী, হৰমনৰ বৃদ্ধি ইত্যাদি হ'ব নালাগিব|