মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

নাক’ৰদ্বাৰা সমৰ্থিত ব্লাড বেংকৰ বাবে ৰক্তদাতাৰ বাবে দিয়া খাদ্য

  • ৰক্তদান কৰাৰ পিছত আপোনাক জলপান গ্রহণ কৰা কক্ষত লঘূ আহাৰৰ সৈতে পানী, চ'ডা বা ফলৰ ৰস দিয়া হয়| ইণ্ডিয়ান ব্লাড চেন্টাৰৰ মতে ৰক্তদান কৰাৰ পিছত এজন ব্যক্তিক জলপান কক্ষত ১০-১৫ মিনিট সময় জিৰাব লাগে| এই লঘূ আহাৰ গ্রহণৰ ফলত আপোনাৰ শৰীৰে ৰক্তদানৰ সময়ত হেৰুওৱা শৰীৰৰ তৰলতাৰ স্তৰ পূনৰ ঘূৰাই পায়|

    সংশ্লিষ্ট ব্লাড বেংক সংমূহলৈ ৰাষ্ট্রীয় ৰক্ত সৰবৰাহ পৰিষদে ২৫ টকা প্ৰতি ৰক্তদাতাৰ হিচাপত সহায় আগবঢ়াই আৰু একে পৰিমাণৰ ধন ৰাজ্য়িক ৰক্ত পৰিষদে সংশ্লিষ্ট ব্লাড বেংকসমূহলৈ আগবঢ়াই (পূৰ্বতে এই পৰিমাণ আছিল ১২.৫০ টকা প্ৰতি ৰক্তদাতা)

    এ.এ.পি. ২০১৭-১৮ৰ অনূমোদনত্ৰমে ৰাষ্ট্রীয় ৰক্ত সৰবৰাহ পৰিষদে ৩৭.৫০ লাখ টকা মূঠ ১ লাখ ৫০ হাজাৰজন ৰক্তদাতাৰ বাবে গড়ে ২৪ টকাকৈ অনূমোদিত কৰে |