মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

আমি কি কৰোঁ

  • সহযোগীতাৰ স্মাৰকৰ ভিত্তিত অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ ৰ বৰ্তমান কাৰ্যাৱলীসমূহ এনেধৰণৰ:

    1. স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতাক অনূপ্রেৰণা যোগাই অধিকলোকক আকৰ্ষিত কৰিবলৈ আৰু পেশাদাৰী ৰক্তদাতাৰ নিৰ্ভৰশীল নহ'বৰ বাবে ৰক্তদাতাৰ নিয়োজন, উৎসাহ প্রেৰণ আৰু শিক্ষামূলক কাৰ্যসূচীৰ আয়োজন কৰা|
    2. সম্পূৰ্ণ ৰক্তক সৰবৰাহ পৰিস্কাৰ কৰি সম্পূৰ্ণ ৰক্তৰ পৰা পোৱা বিকল্প দ্ৰব্য এফেৰেচিচ, নিজস্ব দেহৰ পৰা কৰা ৰক্ত সংগ্রহ আদিৰ দ্বাৰা ৰক্তৰ সূব্যৱহাৰ কৰা|
    3. ব্লাড চেন্টাৰসমূহৰ সকলো ধৰণৰ ক্ৰিয়াকলাপৰ প্ৰতি লক্ষ্য ৰাখি কাৰিকৰী কৰ্মী, ড্ৰাগ ইন্সপেক্টৰ ৰক্তদাতাক অনূপ্ৰাণিত কৰা | কৰ্মচাৰী আৰু চিকিৎসা বিষয়া আদিৰ প্ৰশিক্ষণৰ আয়োজন কৰা|
    4. ৰক্ত সংগ্রহ, সংৰক্ষণ, উপাদান পৃথকীকৰণ আৰু ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ বিতৰণৰ বাবে ৰাজ্য়িক স্তৰৰ মূখ্য কেন্দ্ৰ আৰু জিলাস্তৰৰ মূখ্য কেন্দ্ৰৰ গঠন কৰা|
    5. এনে মূখ্য ব্লাড চেন্টাৰসমূহৰ জিলা হাস্পতাল/উপ-জিলা হাস্পতাল/প্ৰথম ৰেফাৰেল হাস্পতালৰ সৈতে সংযোগ ঘটোৱা|
    6. নেচনেল কাউন্সিলৰ দ্বাৰা গঠিত প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ বাস্তৱায়নৰ বাবে নিৰ্মিত আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ বিকাশ ঘটোৱা|
    7. ৰক্তদাতাৰ বিষয়ে সবিশেষ আৰু দূৰ্লভ ৰক্তগোষ্ঠীৰ অৱস্থিতিৰ বিষয়ে বিতং তথ্য় যূগুতাই ৰখা|
    8. স্বেচ্ছাকৃত ৰক্তদান কাৰ্যসূচীৰ আয়োজন কৰা এলেকাসমূহত ৰাষ্ট্রীয় ৰক্ত সৰবৰাহ পৰিষদৰ দ্বাৰা নির্দিষ্ট কৰি দিয়া কাৰ্যৱলী বাস্তৱায়িত কৰি ৰক্তৰ যথোচিত ব্যৱহাৰ নিশ্চিত কৰা |
    9. ৰক্ত কেন্দ্ৰৰ ৰাষ্ট্রীয় পৰিষদৰ দ্বাৰা গঠিত যিবোৰ ৰাষ্ট্রীয় নিৰ্দেশনা/মানদণ্ড মূখ্য কেন্দ্ৰবোৰে গ্রহণ কৰিব লাগিব সেইবোৰ বাস্তৱায়িত কৰা|
    10. ৰক্ত আৰু ইয়াৰ উপাদানসমূহৰ ওপৰত সেৱা কৰ কাৰ্যকৰী কৰিবৰ বাবে নেশ্যনেল কাউন্সিলৰ দ্বাৰা গঠিত আঁচনিসমূহ বাস্তৱায়িত কৰা|
    11. ৰাজ্য়িক পৰিষদৰ উদ্দেশ্যসমূহ আগবঢ়োৱাৰ বাবে প্ৰস্তাৱিত গৱেষণা আৰু অধ্যয়নসমূহক আৰ্থিক অনূদান দিয়া|
    12. আৰ্থিক অনূদানৰ বাবে অনূৰোধ জনোৱা আৰু ৰাজ্য়িক পৰিষদৰ উদ্দেশ্যসমূহ পূৰণ কৰা আৰু উক্ত উদ্দেশ্যৰ বাবে উপহাৰ, আৰ্থিক অনূদান আৰু ধনৰ চান্দা বা আন সূৰক্ষা আদি গ্রহণ কৰা|
    13. এনে কোনো ব্যক্তি বা সংস্থা যি পৰিষদক সহায় কৰি বিভিন্ন কাৰ্যসূচী আৰু কাৰ্যাৱলী সম্পন্ন হোৱাটো বিচাৰে তেনেলোকৰ পৰা আৰ্থিক দান অনূদান আৰু আন বিত্তীয় সহযোগীতা গ্রহণ কৰা |
    14. পৰিচালনা সভাৰ সন্মতি সাপেক্ষে ৰাজ্য়িক পৰিষদৰ কোনো স্থাৱৰ বা অস্থাৱৰ সম্পত্তি বিক্রী কৰা, ভাৰা দিয়া হিচাপে ৰখা আৰু বিনিময় ঘটোৱা বা স্থাপন কৰা |
    15. ৰাজ্য়িক পৰিষদৰ সূবিধাৰ্থে বা প্রয়োজন অনূসাৰে কোনো ভৱনৰ ক্রয় কৰা নিৰ্মাণ কৰা, পূননিৰ্মাণ কৰা বা সাল-সলনি ঘটোৱা|
    16. ৰাজ্য়িক পৰিষদৰ দৰে অনূৰূপ লক্ষ্য বা উদ্দেশ্য থকা কোনো সম্পত্তি অথবা ট্ৰাষ্টৰ ফাণ্ডৰ পৰিচালনাৰ দায়িত্ব গ্রহণ কৰা|
    17. ৰাজ্য়িক পৰিষদৰ উদ্দেশ্য পূৰণৰ বাবে যাতায়তৰ ব্যয়, বৃত্তৰি লগতে পূৰস্কাৰ আৰু বৃত্তৰি অনূমোদন আদি আগবঢ়োৱা|
    18. এই সংস্থাৰ অধীনত প্ৰশাসনীয়, কাৰিকৰী আৰু মন্ত্ৰীসম্বন্ধীয় আৰু অন্যান্য পদৰ অৱতাৰণা কৰা আৰু শাসকীয় সংস্থাৰ অনূমতি সাপেক্ষে নিয়োগ কৰা|
    19. ৰাজ্য়িক পৰিষদৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সূবিধাৰ্থে ভৱিষ্যত নিধি আৰু পেঞ্চন আদিৰ ব্যৱস্থা কৰা|
    20. উক্ত উদ্দেশ্যসমূহৰ পূতিৰ্Êৰ বাবে সকলোধৰণক আইনী ব্যৱস্থা গ্রহণ কৰা|

    আমাৰ বিভাগসমূহ/ক্ষেত্ৰ কাৰ্যালয়সমূহ:

    1. অসম ৰাজি্যক এইড্ছ নিয়ন্ত্ৰণ সংস্থাৰ ৰক্ত সৰবৰাহ সেৱা'
    2. ব্লাড চেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান|
    3. ৰক্ত সংৰক্ষণকেন্দ্ৰসমূহ
    4. আঞ্চলিক ৰক্ত সৰবৰাহ পৰিষদ
    5. ব্লাড বেংকসমূহৰ হাস্পতাল সৰবৰাহ পৰিষদ