মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

নাক’ৰ দ্বাৰা স্বীকৃত ব্লাড বেংকসমূহলৈ উপভোগ্য বা অন্যান্য কাৰিকৰী সহায়

  • এন.এ.চি.পি. ৩ৰ সময়ছোৱাত নাক' ই জটিল সৰঞ্জাম আৰু অন্যান্য প্ৰয়োজনীয় আহিলাসমূহ নাক'ৰ দ্বাৰা স্বীকৃত ব্লাড বেংকসমূহলৈ যোগান ধৰিছিল|

    কিন্তু এন.এ.চি.পি.-৪ ৰ সময়ত নাক'ই কেৱল কাৰিকৰী জ্ঞান থকা লোক আৰু কিছূমান পৰীক্ষণৰ আহিলা যোগান ধৰাতে সীমাবদ্ধ থাকিল|

    বৰ্তমান নাক'ই এইডছ নিয়ন্ত্ৰণ সংস্থা আৰু অসম ৰাজ্য়িক এইডছ নিয়ন্ত্ৰণ সংস্থালৈ এলিজা, ৰেপিড (এইচ. আই. ভি., এইচ.বি. ভি. এইচ. চি. বি., ভি. ডি.আৰ.এল.) আদি যোগান ধৰে আৰু এই একেবোৰ সামগ্রী নাক'ৰ দ্বাৰা স্বীকৃত ব্লাড বেংকসমূহলৈ প্রেৰণ কৰে |

    বিত্তীয়বৰ্ষ ২০১৭-১৮ত অসম চৰকাৰৰ দ্বাৰা প্রতিক্রিয়াসাধক আৰু উপভোগ্য দ্ৰব্যসমূহ সমৰ্থিত হয়| অসম চৰকাৰে ৰাজ্য়িক বাজেটত নাক'ৰ দ্বাৰা সমৰ্থিত বব্লাড বেংকসমূহলৈ বিভিন্ন আহিলা ৰক্তৰ বেগ, প্রতিক্রিয়াসাধক দ্ৰব্য, সৰঞ্জাম আৰু অন্যান্য সহায়ৰ বাবে ৯৮লাখ টকা অনূমোদন কৰিছে |