মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ সৱলীকৰণ

  • অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ বাস্তবায়িত পৰিকল্পনা

    অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ বাজেটৰ সংক্ষিপ্ত টোকা:

    অসম চৰকাৰে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনূযায়ী অসমত ১৯৯৬-৯৭ চনত ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ এক সংস্থাৰ ৰূপত স্থাপন কৰে আৰু সংস্থা পঞ্জীয়ন আইন XXI ১৮৬০ৰ অধীনত আৰ. এছ/কে. এ.এম/২৪০/১৪২ (১৯৯৬-৯৭) পঞ্জীয়ন নংত পূঞ্জীভূত কৰে | অসমত ব্লাড চেন্টাৰসমূহৰ ক্ৰিয়া কলাপৰ সকলো ক্ষেত্ৰতে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদে আঁচনি গঠনকাৰীৰ শীৰ্ষ ভূমিকা পালন কৰে আৰু একে সময়তে ৰাজ্য়িক পৰ্যায়ত ৰাষ্ট্রীয় ৰক্ত সৰবৰাহ আদেশমৰ্মে ৰক্তদানৰ কাৰ্যসূচী আদিও বাস্তবায়িত কৰে |

    স্বেচ্ছাকৃত ৰক্তদান কাৰ্যসূচীসমূহ সুৰক্ষিত আৰু উন্নতমানৰ ৰক্তসৰবৰাহ সেৱাৰ ভেঁটিস্বৰূপ| স্বেচ্ছাকৃত ৰক্তদাতাসকল হৈছে সুৰক্ষিত আৰু পৰ্যাপ্ত ৰক্ত তথা ৰক্তজাত দ্ৰব্যৰ যোগানকাৰী ভেঁটি| সুৰক্ষিত ৰক্তদাতাসকল স্বেচ্ছাকৃত, অবৈতনিক আৰু তেওঁলোক নিম্ন ক্ষতিকাৰক জনসংখ্যাৰ অংশ| স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা হৈছে এজন এনে ব্যক্তি যিয়ে ৰক্ত প্লাজমা আৰু অন্যান্য ৰক্তজাত দ্ৰব্য তেওঁৰ নিজ ইচ্ছামতে কোনো পাৰশ্ৰিমিক গ্রহণ নকৰাÍক দান কৰে | ৰক্তদানৰ বাবে তেনে ব্যক্তিয়ে যেতিয়া দূৰ ভ্ৰমণ কৰিবলগীয়া হয়, তেতিয়া তেওঁক কামৰ পৰা ৰেহাই দিয়া হয়| সৰু উপহাৰ, খোৱা খাদ্যৰ লগতে ৰক্তদানৰ বাবে হোৱা যাতায়তৰ ব্যয় আদি স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতাৰ ক্ষেত্ৰত বহন কৰা হয়| আনহাতে পৰিয়াল/বদলি ৰক্তদাতা হ'ল এনে এজন ব্যক্তি যিয়ে এজন ৰোগীৰ পৰিয়ালৰ লোক অথবা বন্ধূৰ অনূৰোধত ৰক্তদান কৰে | এনে ব্যৱস্থাত নেদেখাকৈ হ'লেও প্ৰতিদান হিচাপে ৰোগীৰ পৰিয়ালে ৰক্তদাতাজনক ধন আদায় দিয়াৰ থল থাকে,যিয়ে ৰক্তৰ সূৰক্ষা আৰু মানদণ্ডৰ ক্ষেত্ৰত প্ৰশ্নৰ অৱতাৰণা কৰে |

    এনে অৱস্থাৰ পিছতো অসমত পৰিয়াল/বদলি ৰক্তদাতাৰ দ্বাৰা জ্ঝঙ্ম শতাংশতÍক অধিক পৰিমাণৰ ৰক্ত সংগ্রহ কৰা হয়| তেনে ৰক্তদাতাসমূহৰ ৰক্তজাত সংত্ৰমণ যেনে এইচ. আই. ভি., হেপাটাইটিছ বি, হেপাটাইটিছ বি, চিফিলিছ আৰু মেলেৰিয়া আদিৰ দ্বাৰা আক্ৰান্ত হোৱা আৰু তেনে ৰোগ ৰক্তলাভ কৰা ব্যক্তিলৈ সংক্ৰমিত হোৱাৰ আশংকা বেছি|

    আমাৰ দেশত সুৰক্ষিত ৰক্ত সেৱা লাভ কৰিবৰ বাবে, য'ত বিস্তীৰ্ণ আৰু ব্যয়বহুল পৰীক্ষাগাৰৰ পদ্ধতিসমূহ সম্ভবো নহয় আৰু প্ৰয়োগো নহয়, ১০০ শতাংশ স্বেচ্ছাকৃত ৰক্তদানৰ প্ৰতি অগ্ৰসৰ হোৱাটো সৰ্বশ্ৰেষ্ঠ যিহেতূ এতিয়া এইটো কথাও প্ৰমাণীত হৈছে যে স্বেচ্ছাকৃত, অবৈতনিক নিয়মিত ৰক্তদানেই হৈছে আটাইতকৈ সুৰক্ষিত | সেই গতিকে, অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ সুৰক্ষিত ৰক্ত সংগ্রহৰ এক অন্যতম কৌশল হ'ল অবৈতনিক ৰক্তদাতাসকলক উৎসাহ আৰু অনূপ্রেৰণা যোগোৱা আৰু বদলি ৰক্তদাতাসকলৰ বিতাড়ণ কৰা |

    ২০১৭-১৮ বিত্তীয় বৰ্ষত অসম চৰকাৰে অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ বাবে ২ কোটি টকাৰ অনূদান আগবঢ়াইছে| ৰক্তৰ অনাটন হ্ৰাস কৰিবৰ বাবে এখন বাস্তৱায়িত আঁচনি প্ৰস্তুত কৰি উলিওৱা হৈছে যাতে বছৰৰ যিকোনো সময়তে অসমত সুৰক্ষিত আৰু উন্নত মানদণ্ডৰ ৰক্ত আৰু অন্যান্য ৰক্তজাত দ্ৰব্য উপলব্ধ হয় আৰু ৰক্তৰ অভাৱ পূৰাই জীৱন বচোৱাৰ লগতে ৰাজ্যৰ অন্যান্য ভিতৰুৱা ঠাইলৈ প্রেৰণ কৰিব পাৰি | এই বাস্তৱায়িত আঁচনিৰ সবিশেষ তলত উল্লেখ কৰা হ'ল

    ১| ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদত চুক্তিমূলক ভিত্তিত কাৰিকৰী জ্ঞানসমৃদ্ধ কৰ্মীৰ নিয়োজন:

    অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদত কোনো স্থায়ী কাৰিকৰী অথবা প্ৰশাসনিক নিযূক্তি নাই হোৱা| এই পৰিষদ মূলতে অবৈতনিক কৰ্মীৰে গঠিত আৰু স্বাস্থ্য সচিবৰ দ্বাৰা পৰিচালিত| যিহেতূ পৰিষদৰ সদস্যসকল আৰু অধ্যক্ষৰ অন্য বহুতো দায়িত্ব পালন কৰিবলগীয়া থাকে, পৰিষদৰ সভাসমূহ নিয়মিতভাৱে সম্পন্ন নহয়| অন্য ৰাজ্যৰ তূলনাত অসমত ৰক্তসৰবৰাহ পৰিষদৰ প্ৰণালীবদ্ধ সংগঠনৰ অভাৱ| অসমে ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদটো এচ. এ. চি. এছ.ৰ এটা অংগৰূপে স্থাপন কৰিছিল আৰু এচ. এ. চি. এছ.ৰ প্ৰকল্প বিষয়াগৰাকীক ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ শীৰ্ষ বিষয়াৰূপে নিযূক্তি দিয়ে| ফলস্বৰূপে, ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদ মূক্ত প্রতিষ্ঠান নহয় আৰু এচ. এ. চি. এছ. (ASACS)ৰ অধীনত কাম কৰে | অসমৰ ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদক সক্ষম আৰু কাৰ্যক্ষম কৰি তূলিবৰ বাবে অতি বিচক্ষণ কৰ্মচাৰী নিযযূক্তিকৰণৰ প্ৰস্তাৱ গ্রহণ কৰা হৈছে|

    ২| ৰক্ত সংগ্রহকাৰী ভান(কৰ্মীৰ নিয়োজন):

    ১০০ শতাংশ স্বেচ্ছাকৃত ৰক্তদানৰ বাবে অবৈতনিক ৰক্তদাতা সকলক অনূপ্ৰাণিত কৰিবলৈ আৰু পাৰশ্ৰিমিক গ্রহণ কৰা ৰক্তদাতাসকলক বিতাড়ণ কৰিবৰ বাবে প্ৰতিখন জিলাতে ৰক্ত সংগ্রহ কৰা বাহন থকাটো অতি প্ৰয়োজনীয় য'ত বাহ্য়িক ৰক্তদান সম্পন্ন কৰিবৰ বাবে দূখনকৈ ৰক্তদান আসন থাকে| আনকি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান (NHM) ৰ পৰা ৬৯২ লাখ টকাৰ অনূদান লাভ কৰা হৈছে য'ৰ পৰা ১৬১ লাখ টকা ৫ খনকৈ ৰক্ত সংগ্রহকাৰী বাহন নিৰ্মাণৰ বাবে প্ৰদান কৰা হৈছে|

    ৩| প্ৰতিখন ৰক্ত সংগ্রহকাৰী বাহনৰ বাবে মানৱ সম্পদ:

    বৰ্তমান উপস্থিত ব্লাড বেংকৰ কৰ্মীসকল বাহ্য়িক স্তৰত ৰক্ত সংগ্রহকাৰী বাহনত থাকিবলৈ বা শিবিৰৰ আয়োজন নিয়মিত ভাৱে কৰিবলৈ অপৰ্যাপ্ত| নিয়মিত ৰক্তদান শিবিৰ আয়োজন কৰিবৰ বাবে এক নির্দিষ্ট সংখ্যক কৰ্তব্যপৰায়ণ মানৱ সম্পদৰ প্রয়োজন যাতে তেওঁলোক প্ৰতিখন ৰক্ত সংগ্রহকাৰী বাহন আৰু শিবিৰ তথা সজাগতা কাৰ্যসূচীসমূহত উপস্থিত থাকিব পাৰে |

    ৪| বৈদ্যুতিক ব্লাড বেংক এম. আই. এছ. (সম্পূৰ্ণ বয়স):

    অসম চৰকাৰে বৈদ্যুতিক ব্লাড বেংক এম. আই. এছ. ব্যৱস্থাৰ ৰ ডিচেম্বৰ ২০১৬ত মাননীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীৰ দ্বাৰা উদ্বোধন কৰে | ই হৈছে সম্পূৰ্ণভাৱে স্বয়ংক্ৰিয় ৱেব ভিত্তিক ব্লাড বেংক ব্যৱস্থাপনা তথ্য ব্যৱস্থা যিয়ে এটা একক নেটৱৰ্কৰ যোগেদি সমগ্র ৰাজ্যত ৰক্তদাতাৰ তথ্য উপলব্ধ কৰিছে যাৰফলত প্ৰতিজন ৰক্তদাতাৰ সম্পূৰ্ণ তথ্য পাব পাৰি | এই ব্যৱস্থাপনা তথ্য ব্যৱস্থা (এম' আই' এছ) ই জনসাধাৰণক ব্লাড বেংকৰ ৰক্তৰ উপলব্ধতা ৱেবছাইটৰ যোগেদি অৱগত কৰিব |

    বৈদ্যুতিক ব্লাড বেংকৰ এম. আই. এছ. ৰক্ষণা বেক্ষণ আৰু স্বয়ংচলনৰ বাবে এখন বাজেট প্ৰস্তুত কৰা হৈছে|

    ৫| স্বেচ্ছাকৃত ৰক্তদানৰ বাবে সজাগতা অভিযান:

    জনসাধাৰণৰ মাজত স্বেচ্ছাকৃত ৰক্তদানৰ বাবে সজাগতা সৃষ্টি কৰিবৰ বাবে এখন বাজেট প্ৰস্তাৱ কৰা হৈছে|

    ৬| প্ৰশাসনীয় ব্যয়:

    অসম ৰাজ্য়িক ৰক্ত সৰবৰাহ পৰিষদৰ প্রতিষ্ঠানিক সমৃদ্ধিকৰণৰ বাবে কাৰ্যালয়ত ব্যৱহাৰ হোৱা সামগ্রী যেনে কাৰ্টূজ, কাগজ আদিৰ প্রয়োজন |

    ৭| মোটা সংখ্যাৰ এচ.এম. এচ.:

    বিভিন্ন অনুষ্ঠান, দিৱস যেনে বিশ্ব ৰক্তদাতা দিৱস, ৰাষ্ট্রীয় স্বেচ্ছাকৃত ৰক্তদান দিৱস, বিশ্ব এইডছ দিৱস, ৰাষ্ট্রীয় যূৱ দিৱস আদিত স্বেচ্ছাকৃত ৰক্তদানৰ বিষয়ে প্ৰচাৰ কৰিবৰ বাবে মোটা সংখ্যাৰ এচ.এম. এচ. কৰাৰ প্রয়োজন| এনে মোটা সংখ্যাৰ এচ.এম. এচ.ৰ ব্যয় বহন কৰিবৰ বাবে এখন বাজেট প্ৰস্তাৱ কৰা হৈছে|

    ৮| বৰ্তমানে অৱস্থিত চৰকাৰী ব্লাড বেংকৰ উন্নীতকৰণ:

    অসমত অৱস্থিত ২৩ টা ব্লাড বেংকৰ ভিতৰত মাথো ৪ টা ব্লাড বেংকৰহে বৈদ্যুতিক, নিৰ্মাণগত আৰু যান্ত্ৰিক দিশৰ উন্নীতকৰণৰ বাবে এখন বাজেটৰ প্ৰস্তাৱ কৰা হৈছে|