মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰেড ৰিবন ক্লাৱ (আৰ.আৰ.চি.)

  • আৰম্ভণি:

    ৱাই এফ আই চি ৰ উপৰিও, এন. এ. চি.পি. (III) য়ে ৰেড ৰিবন ক্লাৱক সহায় সহযোগ আৰু প্ৰচাৰ কৰিব যাতে এই ক্লাৱৰ দ্বাৰা সমাজত থকা এইচ' আই ভি (HIV)ৰ দ্বাৰা আক্ৰান্ত যূৱচামক সহায় কৰিব পাৰি | এই কাৰ্যসূচীৰ অধীনত এইচ. আই. ভি./এইডছ সংক্ৰামিত অঞ্চলত বাস কৰা যূবক-যূৱতীসকলৰ জ্ঞান, মনোভাৱ আৰু আচাৰ-ব্যৱহাৰ আদিৰ বিকাশ যটোৱাৰ লগতে তেওঁলোকৰ বয়স, পৰিবেশ আৰু জীৱনধাৰণৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কেনে ধৰণৰ যৌন ক্ৰিয়া বা অভ্যাস গঢ়িব লাগে তাকো বূজোৱা হয়| গতিকে ৰেড ৰিবন ক্লাৱে যূৱচামৰ লগত থাকি এক পৰিপূৰক আৰু ব্যাপক ভাৱে জড়িত সমৰ্থকৰূপে তেওঁলোকক সজপথৰ নিৰ্দেশনা দিব|

    আৰ.আৰ.চি. ৰ কাৰ্যসূচীসমূহৰ উদ্দেশ্য

    • যৌনক্ৰিয়া আৰু এইচ.আই.ভি./এইডছৰ ওপৰত সম্যক জ্ঞান প্ৰদান কৰি যূৱচামক সচেতন কৰি তোলা আৰু এইচ. আই. ভি. ৰ সংত্ৰমণ হ্ৰাস কৰা| লগতে যোগাযোগ, আত্মৰক্ষা, আলাপ-আলোচনা, যত্ন আৰু সহায় আদিৰ বাবে নতূন কৌশলো শিকোৱা হয়|
    • যূৱচামক সক্ষম শিক্ষাব্ৰতী আৰু পৰিবৰ্তনৰ কাৰক হিচাপে প্ৰস্তুত কৰিবলৈ তেওঁলোকৰ নেতৃত্ববহনকাৰী আৰু দল নিৰ্মাণকাৰী কৌশসমূহৰ বিকাশ ঘটোৱা|

    আন্ত:ক্ষেত্ৰবিশেষ সহযোগীতা

    • উচ্চ শিক্ষা দপ্তৰ, মানৱ সম্পদ বিকাশ মন্ত্ৰালয়; আৰু
    • যূৱকল্যাণ আৰু ক্রীড়া দপ্তৰ, যূৱ কল্যাণ আৰু ক্রীড়া মন্ত্ৰালয়

    আৰ. আৰ. চি.ৰ চাৰিটা প্ৰধান ক্ষেত্ৰ

    • যূৱচামৰ দিক পৰিবৰ্তন;
    • যৌন লক্ষণ আৰু যৌনক্ৰিয়া;
    • এইচ. আই. ভি./এইডছ/এছ.টি.আই; আৰু
    • স্বাস্থ্য মূল্যবোধ আৰু আচাৰ ব্যৱহাৰৰ শিক্ষা

    আৰ.আৰ.চিয়ে নিম্নলিখিত আই.ই.চি/বি.চি.চি. সামগ্রী আৰু পৰিকল্পনাৰ ব্যৱহাৰ কৰিব পাৰে আৰু সৃষ্টিশীল উদ্ভ্ৰাৱনী সমাধান উলিওৱাসকলক স্বীকৃতি প্ৰদান কৰা হ'ব|

    আই.ই.চি/বি.চি.চি সামগ্রীসমূহ (তালিকা বাছনি)

    • চি. ডি.
    • প্ৰশিক্ষণৰ হাতপূথি
    • প্ৰকাশক সাক্ষাত ২০
    • গ্ল'চাইন বক্স আৰু ষ্টিকাৰ
    • ইস্তাহাৰ
    • বেনাৰ বিজ্ঞাপন
    • পোষ্টাৰ বাৰ্তা
    • চলন্ত ভিডিঅ'
    • দেৱালয় অংকণ আৰু দেৱালয় লিখন
    • গান আৰু ঝংকাৰ

    বিজ্ঞাপন কৌশল

    • সজাগতা অভিযান
    • অনূষ্ঠান, কৰ্মশালা, আলোচনা চত্ৰ
    • নেতৃত্ববহনকাৰী প্ৰশিক্ষণ
    • জনসভা
    • অৰ্ন্ত আৰু আন্ত:বিশ্ববিদ্যালয় প্ৰতিযোগীতা
    • সাংস্কৃতিক অনূষ্ঠান (লোক কলা, বাটৰ নাট ইত্যাদি)
    • নাম-জ্বলা ব্যক্তিৰ সংযোজন
    • ধনাত্মক ব্যক্তিত্ববাদী লোকৰ দ্বাৰা উপস্থাপন
    • প্ৰদৰ্শনী
    • সমাবেশ
    • বাটৰ প্ৰদৰ্শনী
    • স্থানীয় চেনেলৰ ব্যৱহাৰ (আলোচনা অনূষ্ঠান, ফোন-ইন অনূষ্ঠান আদি)
    • দৈনিক বাতৰি কাকত, অনাঁতাৰ যন্ত্ৰ আৰু দূৰদৰ্শনৰ দ্বাৰা প্ৰচাৰ
    • পৰামৰ্শ সেৱা
    • আন্ত:ক্ষেত্ৰসম্বন্ধীয় অংশীদায়িত্ব
    • সংবাদ পত্ৰ
    • নেতৃত্ববহনকাৰী আৰু যোগাযোগ কৌশল বিকাশৰ প্ৰশিক্ষণ

    আৰ.আৰ.চি.ৰ কাৰ্যাৱলী

    • ক্লাৱত অৰ্ন্ত ভূক্ত সদস্যসকলৰ মাজত মূঠ সদস্যৰ সংখ্যা অনূসৰি ছাত্ৰসকলক তেওঁলোকৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ভাগ ভাগ কৈ উপ-সমিতি গঠন কৰিব পাৰি | উদাহৰণস্বৰূপে, যিসকল ছাত্ৰৰ নাট্যসম্বন্ধীয় জ্ঞান আছে তেওঁলোকে থিয়েটাৰ বা নাট্য কমিটি গঠন কৰিব পাৰে, যিসকল লিখা-মেলাত নিপূন তেওঁলোকে লিখকৰ গোষ্ঠী আৰু যিসকলৰ ভাল বক্তা তেওঁলোকে বক্তৃতাসংক্ৰান্তীয় কমিটি গঠন কৰিব পাৰে |
    • সকলোতÍক সক্রিয় আৰু কৰ্মোদ্য়ম সদস্যক দলপতি আৰু প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি পৰিকল্পনা আৰু বাস্তৱায়িত কাৰ্য্যত নিয়োগ কৰিব পাৰি |

    আৰ.আৰ. চি.ৰ কাৰ্যাৱলীৰ মূল্য নিৰূপণৰ বোৰ্ড এলেকাসমূহ এনেধৰণৰ:

    • নতূন আৰ.আৰ. চি. ৰ গঠন
    • উদ্ভ্ৰাৱনী কাৰ্যাৱলী
    • নেটৱৰ্কিং ২১
    • প্ৰতিবেদন
    • ওকালতি
    • পৰ্যবেক্ষণ
    • দলিল প্ৰস্তুতকৰণ

    ক্ষেত্ৰ বিষয়াৰ কৰ্মক্ষমতাৰ নিৰ্দেশসমূহ

    1. সক্রিয় আৰ.আৰ.চি.ৰ সংখ্যা (১৫জন ছাত্ৰ বা অধিক | মাহত এবাৰকৈ সভা|) নতূনকৈ গঠিত হোৱা আৰ. আৰ. চি. ৰ সদস্যাৰ সংখ্যা প্ৰতিমাহত স্বেচ্ছাকৃতভাৱে অন্তত ১৫ জন হ'ব লাগিব (আৰম্ভণি পৰ্যায়তহে এই নিয়ম প্ৰযোজ্য|)
    2. ক্লাৱৰ সক্রিয় সদস্যৰ সংখ্যা (যিসকল সদস্যই অন্তত প্ৰতিমাহে এখন সভা আৰু এটা কাৰ্য্যসূচীত অংশ গ্রহণ কৰে )
    3. কাৰ্যাৱলীসমূহৰ সংখ্যা (সভা, আলোচনা চত্ৰ, কৰ্মশালা, সমাবেশ, প্ৰদৰ্শনী, ক্রীড়া অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগীতা ইত্যাদি)
    4. পূঞ্জীকৃত ৰক্তদাতাৰ সংখ্যা
    5. স্থানীয় সংস্থাৰ সংখ্যা (লায়ন্স ক্লাৱ, ৰটাৰী ক্লাৱ, স্থানীয় কেৱল টিভি চেনেল, আলোচনী ইত্যাদি) যিয়ে আৰ. আৰ. চি. কাৰ্যাৱলীত জড়িত|
    6. নতূনকৈ প্ৰকাশ কৰা আই ই' চি সামগ্রী (নাটক, গীত, পোষ্টাৰ, শ্লোগান ইত্যাদি)|
    7. আৰ. এম.আৰ. এচ. এ. চি. এচ. লৈ নিয়মিত প্ৰতিক্রিয়া প্রেৰণ|
    8. সামাজিক সজাগতা অনুষ্ঠান আয়োজনত সহযোগীতা আগবঢ়োৱা সংগঠনৰ সংখ্যা (আৰিৱলী লিৱাক্কাম, এন.ৱাই.কে , ৱাই.আৰ.চি, এন.চি.চি. ইত্যাদি)
    9. ক্ষুদ্ৰ স্তৰৰ অধ্যয়ন, গৱেষণাৰ বার্ষিক সংখ্যা
    10. বিদ্যালয়/মহাবিদ্যালয়ত আৰম্ভ কৰা পাঠ্যক্রম|
    11. সম্পন্ন কৰা ওকালতিৰ সংখ্যা (মহাবিদ্যালয়ৰ/বিশ্ববিদ্যালয়ত হোৱা নীতিৰ পৰিবৰ্তন|)
    12. কাৰ্যাৱলীসমূহৰ প্ৰতিবেদন আৰু দলীলকৰণৰ ধাৰাবাহিক (প্ৰতি মাহে এবাৰ)
    13. পৰামৰ্শদানৰ বাবে সহায়কাৰী কেচৰ সংখ্যা (আই.চি.টি.চি.)
    14. সহজলভ্য হোৱা সামগ্রী আৰু মানৱ সম্পদৰ সংখ্যা|
    15. কাৰিকৰী জ্ঞান উন্নীতকৰণৰ বাবে লোৱা উদ্য়োগৰ পৰিসৰ|
    16. উদ্ভ্ৰাৱনীমূলক কাৰ্যাৱলীৰ তালিকা

    এই নিৰ্দেশসমূহ বৰ্ণনা প্ৰাসঙ্গিক আৰু সাধাৰণ আৰু অস্থায়ী সকলোধৰণৰ প্ৰয়োজনৰ মূল্যায়ণৰ বাবে ব্যৱহাৰ কৰা হ'ব|

    অনিশ্চিত

    ক্ষেত্ৰ বিষয়াসকল: : ক্ষেত্ৰবিষয়াসকলক তেওঁলোকৰ আকস্মিক ব্যয়সমূহৰ বাবে ষ্টেশ্যনাৰী, ডাক, ফেক্স, টেলিগ্রামৰ ধন আদায় কৰা হ'ব|

    আৰ.আৰ. চি. সমন্বয়কাৰী: আৰ. আৰ. চি. সমন্বয়কাৰীসকলক তেওঁলোকৰ আকস্মিক ব্যয় যেনে ষ্টেশ্যনাৰী, ডাক, ফেক্স, টেলিগ্রামৰ বাবে ধন আদায় কৰা হ'ব|

    • প্রতিষ্ঠানসমূহত আৰ. আৰ. চি.ৰ গঠন: প্ৰতি প্রতিষ্ঠানক এককালীন অনূদান আদায় দি আৰ. আৰ. চি. গঠন কৰাত সহায় কৰা হ'ব| প্ৰগ্রাম অফিচাৰে (কাৰ্যকৰী বিষয়া) ব্যৱহাৰ প্ৰমাণপত্ৰ চহী কৰি আৰ. আৰ. চি. সমন্বয়কলৈ প্রেৰণ কৰিব যিয়ে তাৰ পৰিবর্তে সংযূক্ত ব্যৱহাৰ প্ৰমাণপত্ৰ আৰু ব্যয়ৰ বৰ্ণনা টেনজেক্স (Transecs) দাখিল কৰিব| প্রতিষ্ঠানসমূহে মূল দলিলসমূহ তেওঁলোকৰ লগত ৰাখিব পাৰে |
    • আই. ই. চি. সামগ্রী চপা আকাৰৰ আৰু বৈদ্যুতনিক আই. ই. চি. সামগ্রী নাক'/এচ. এ. বি. এচ.ৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব আৰু সমন্বয়কক প্রেৰণ কৰা হ'ব যিয়ে পৰবৰ্তী পৰ্যায়ত এই সামগ্রীসমূহ কাৰ্যকৰী বিষয়াৰ মাজত বিতৰণ কৰি দিব| সমন্বয়কে ক্ষেত্ৰ বিষয়াৰ সহযোগত লাভ কৰা আৰু বিতৰণ কৰা সামগ্রীৰ হিচাপ ৰাখিব| সামগ্রীৰ লাভ আৰু বিতৰণৰ পৰিমাণ প্ৰমাণীকৃত হ'ব লাগিব|

    ক) সদস্যৰ পঞ্জীয়ন : বিশ্ববিদ্যালয় সংঘৰ সমন্বয়ক আৰু মহাবিদ্যালয় আৰু বহুকাৰিকৰী বিদ্যালয়ৰ কাৰ্যকৰী বিষয়াই সদস্যৰ পঞ্জীয়ন কৰিব |

    খ) সংঘৰ কাৰ্যাৱলীৰ পঞ্জীয়ন: সমন্বয়ক আৰু কাৰ্যকৰী বিষয়াই আৰ. আৰ. চি. সদস্যৰ সহযোগত পঞ্জীয়ন কৰিব |

    Downloads
    ৰেড ৰিবন ক্লাৱ (আৰ.আৰ.চি.)
    TitleSizeDetail
    এনেক্স ৪ ৰেড ৰিবন ক্লাৱ আৰু ৱাই.এফ.আই.চি.96.47 KBswf-image