মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰক্ত সৰবৰাহ সেৱা

ৰক্ত সৰবৰাহৰ ইতিবৃত্ত

১৬১৬

উইলিয়াম হাৰ্ভে এ আৱিস্কাৰ কৰে যে জন্তুৰ শৰীৰৰ ভিতৰত ৰক্ত চলাচল কৰে |

১৬৬৫

ৰিচাৰ্ড ল'ৱাৰে এটা কূকূৰৰ জীৱন আন এটা কূকূৰৰ পৰা তেজ সৰবৰাহ কৰি ৰক্ষা কৰিবলৈ সমৰ্থ হয়|

১৬৬৭

পোনপ্ৰথমবাৰৰ বাবে ফ্ৰান্সত ১৬৬৭ চনত ৰক্তৰ সৰবৰাহ শিৰা বা ধমনীলৈ কৰা হৈছিল, কিন্তু এই প্রচেষ্টা অসফল হৈছিল| এডাল ৰূপৰ নলীৰে একপিয়লা ছাগলীৰ ৰক্ত এজন মানূহৰ দেহলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হৈছিল| ব্যক্তি গৰাকীৰ দেহত দূবাৰ তেনেদৰে ৰক্ত সৰবৰাহ কৰা হয় আৰু পিছত তেওঁৰ মৃত্য়ু ঘটে|

১৬৬৮

পোপে ৰক্তৰ ওপৰত কৰা যিকোনো ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে |

১৮১৮

ডᵒ জেমছে এজন ব্যক্তিৰ দেহৰ পৰা প্ৰত্যক্ষভাৱে তেজৰ সৰবৰাহ ঘটাই আনজন ব্যক্তিৰ জীৱন ৰক্ষা কৰে |

১৮৭৪

উইলিয়াম হাইমোৰে প্ৰথমবাৰৰ বাবে এজন ব্যক্তিৰ নিজৰ শৰীৰৰ ভিতৰতে কলা, কোষ আদিৰ সৰবৰাহৰ প্রস্তাৱ দিয়ে|

১৮৭৫

কাৰ্ল লেণ্ডষ্টেইনাৰ হৈছে প্ৰথম ব্যক্তি যিয়ে লক্ষ্য কৰে যে যিকোনো এজন ব্যক্তিৰ শৰীৰৰ তেজ অন্য এজন ব্যক্তিলৈ সৰবৰাহ কৰিব নোৱাৰি |

১৯০০-০১

কাৰ্ল লেণ্ডষ্টেইনাৰৰ পৰীক্ষাই দেখূৱাই যে মানূহৰ শৰীৰত এ' বি আৰু অ' গোষ্ঠীৰ ৰক্ত পৰিবাহিত হয়| ইয়ে ''সৰবৰাহ চিকিৎসাবিদ্যাৰ ক্ষেত্ৰত নতূন গঠন আৰু উন্নতিৰ পথ মূকলি কৰে | এই বৃহৎ আৱিস্কাৰৰ বাবে কাৰ্ল লেণ্ডষ্টেইনাৰে যোগ্যতাৰে ন'বেল বটা লাভ কৰে |

১৯১৪

ডᵒ হাষ্টিনৰ ছডিয়াম চাইট্ৰেটৰ ব্যৱহাৰে ৰক্ত ঘনীকৰণ সমস্যা দূৰ কৰে |

১৯১৪-১৮

প্ৰথম বিশ্বযূদ্ধৰ সময়ত ৰক্ত সৰবৰাহ ঘটোৱা হৈছিল আৰু ইয়াৰ বাবে যূদ্ধক্ষেত্ৰলৈ পৰিবর্তিত, পৰিষ্কাৰ, জীৱাণূমূক্ত গাখীৰৰ বটলত ৰক্তৰ যোগান ধৰা হৈছিল|

১৯৩০

স্পেইনৰ গৃহযূদ্ধৰ সময়ত ১৯৩০ চনত প্ৰথমবাৰৰ বাবে সচল আৰু গতিময় ব্লাড বেংক স্থাপন কৰা হৈছিল|

১৯৩৭

আমেৰিকাৰ চিকাগো চহৰৰ কূক কাউন্টি হাস্পতালত মাৰ্চৰ ১৫ তাৰিখে বিশ্বৰ প্ৰথম হাস্পতাল ব্লাড বেংক প্রতিষ্ঠা কৰা হৈছিল|

১৯৩৯

চাৰ উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী, বেঙ্গল ৰেড ত্ৰছ চ'ছাইটিৰ সভাপতিয়ে কলিকতাৰ স্কুল অৱ ট্ৰপিকেল মেডিচিনত ভাৰতৰ প্ৰথম ব্লাড বেংক স্থাপন কৰিছিল|

১৯৪০

লেণ্ডষ্টেইনাৰ আৰু ৱেইনাৰে লোহিত ৰক্ত কনাৰ উপৰিপৃষ্ঠত থকা উত্তৰাধিকাৰী সূত্ৰে পোৱা প্ৰটিন আৱিস্কাৰ কৰে |

১৯৪১

ৰক্ত সংগ্রহ কৰা বটল আৰু সংগ্রহ কৰা ৰক্তৰ প্ৰতি ইউনিটৰ পৰিমাণ নির্দিষ্টকৰণ কৰা হৈছিল|

১৯৫৭

ডᵒ গিবছনে ২৮ দিন পৰ্যন্ত ৪-৬ᵒ চেণ্টিগ্ৰেডৰ উষ্ণতাত ৰক্ত সংৰক্ষণ কৰাৰ প্ৰক্ৰিয়া উদ্ভ্ৰাৱন কৰে যাৰ বাবে এচিডি আৰু ছডিয়াম ডিহাইড্ৰ'জেন ফছফেটৰ মিশ্ৰণত সংৰক্ষিত ৰক্তৰ নমূনা মিশ্ৰিত কৰি থোৱা হৈছিল|

১৯৬৪

ৰক্ত সৰবৰাহৰ সময়ত হোৱা সংত্ৰমণৰ ফলত যে জণ্ডিচ ৰোগ হয় এইকথা নিশ্চিত হয়|

১৯৮১

ৰক্তৰ সংগ্রহ, সংৰক্ষণ আৰু সৰবৰাহৰ বাবে পলিথিনৰ বেগৰ ব্যৱহাৰ বৈধ কৰা হয়|

১৯৮৬

মুম্বাইত ৰক্ত সৰবৰাহৰ ফলত এইডছত আক্ৰান্ত হোৱা প্ৰথমগৰাকী ৰোগী চিনাক্ত কৰা হয়|

১৯৯৬

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ৰক্ত সৰবৰাহ আৰু ভাৰতত ব্লাড বেংক স্থাপন অনূমতি জ্ঞাপন যাৰ ফলত ৰাষ্ট্রীয় ৰক্ত সৰবৰাহ পৰিষদ আৰু ৰাজি্যক ৰক্ত সৰবৰাহ পৰিষদৰ প্রতিষ্ঠা কৰি দেশত ব্লাডবেংকৰ সেৱা উন্নীত কৰা হয়|

২০০০

চনৰ ৭ এপ্ৰিলত "সুৰক্ষিত ৰক্ত মোৰ পৰা আৰম্ভ'' শ্লোগানেৰে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়|

২০০১

প্ৰতি বছৰে সমগ্র বিশ্বজূৰি ১০০ মিলিয়নতকৈ অধিক ৰক্ত ইউনিত সংগ্রহ কৰা হয়| ভাৰতত প্ৰতি বছৰে এই পৰিমাণ ৬.৫ মিলিয়ন হয়|