মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

ৰক্ত সৰবৰাহ সেৱা

ৰক্ত সৰবাৰহৰ লক্ষণসমূহ

ৰক্ত সৰবৰাহৰ লক্ষণসমূহ এনে ধৰণৰ:

  • এনিমিয়া
  • গুৰুতৰ শল্য অষ্ট্ৰোপচাৰ
  • দূৰ্ঘটনাৰ ফলত হোৱা গুৰুতৰ ৰক্ত ক্ষৰণ
  • চিকিৎসাৰ প্রয়োজন হোৱা কৰ্কট ৰোগী
  • সন্তান প্ৰসৱৰ সময়ত মহিলা আৰু সদ্য় জন্মপ্ৰাপ্ত শিশু
  • উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা হেম'ফিলিয়া আৰু থেলাসিমীয়া ৰোগী
  • গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ৰোগী

উপাদানসমূহ

ডিম্বাণূ সৰবৰাহ

এই কোষসমূহ শৰীৰত শ্বেত আৰু লোহিত ৰক্ত কণাৰ লগত চলাচল কৰি থাকে আৰু তেজ গোটা মৰা প্ৰক্ৰিয়াত এইবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে | ৰক্তৰ কণাৰ পৰা ডিম্বাণূসমূহ পৃথক কৰা প্ৰক্ৰিয়াটো বৰ্তমান ডিম্বাণূৰ অনাটনৰ বাবে কৰা চিকিৎসাৰ এক অবিচ্ছেদ্য অংশ|

শ্বেত ৰক্তকণা সৰবৰাহ

এই কথা ইতিমধে্য প্ৰমাণিত হৈছে যে শ্বেত ৰক্ত কণাৰ সফল সৰবৰাহৰ দ্বাৰা এজন ৰোগীক কিছূমান ৰক্তজনিত ব্যাধি যেনে যেতিয়া ৰোগীজনৰ শৰীৰে নিজস্ব শ্বেত ৰক্ত কণা উৎপন্ন কৰিব নোৱাৰে তেতিয়া সহায় আগবঢ়োৱা হয়| এনে সৰবৰাহ পদ্ধতিত কিছূমান বিশেষ পদ্ধতি আৰু কোষ পৃথকীকৰণ সঁজূলিৰ ব্যৱহাৰ কৰা হয়| গতানূগতিক ৰক্তদান প্ৰক্ৰিয়াত যথোচিত শ্বেতৰক্ত কণা সংগ্রহ কৰা সম্ভৱ নহয়|

প্লাজমা আৰু এলবূমিন

প্লাজমা প্ৰ'টিন ফ্ৰেকশ্যন (PPF) হৈছে এক প্ৰকাৰৰ স্বচ্ছ তৰল য'ত প্ৰায় ৫ শতাংশ এলবূমিন পোৱা যায়| ই হৈছে প্লাজমা ভগ্নীকৰণৰ অন্তিম উৎপাদন যাক অষ্ট্ৰোপচাৰৰ ঘাত বা অগ্নিদগ্ধ হ'লে চিকিৎসাত ব্যৱহাৰ কৰা হয় বা ভিতৰুৱা অঞ্চল আদিত এজন ৰোগীৰ শৰীৰত উন্নত চিকিৎসা বা হাস্পতালৰ ব্যবস্থা নোপোৱালৈকে তৰল পদাৰ্থৰ চলাচল বৰ্তাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়| গতিকে সৰু হাস্পতাল সমূহৰ বাবে আৰু জাহাজসমূহৰ বাবে (যিয়ে পৰম্পৰাগত ভাৱে শুকান প্লাজমা কঢ়িয়াইছিল) ই অত্যন্ত মূল্যবান| এলবূমিনতকৈ প্ৰায় ২০ শতাংশ অধিক ঘনীভূত তৰলো উপলব্ধ|

সতেজ হিমায়িত প্লাজমা

সতেজ হিমায়িত প্লাজমা নতূনকৈ গ্রহণ কৰা ৰক্ত এক দ্রুত গতিত ঘূৰ্ণীয়মান যন্ত্ৰত ঘূৰাই ঘূৰাই প্ৰস্তুত কৰা হয়| পৃথকীকৰণ কৰাৰ তত্ক্ষণাৎ পিছতেই প্লাজমাক গাঢ়ভাৱে হিমায়িত কৰি মাইনাচ ৪০ᵒ চেণ্টিগ্ৰেডত সংৰক্ষণ কৰা হয়| তেজৰ স্বাভাৱিক ঘনীকৰণৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ প্ৰ'টিন সতেজ হিমায়িত প্লাজমাত (FFP) সন্নিৱিষ্টহৈ থাকে আৰু ইয়াক সচৰাচৰ যকৃৎৰ ৰোগৰ ফলত হোৱা তেজ ঘনীভূতকৰণৰ অভাৱত ব্যৱহাৰ কৰা হয়|

ক্ৰায়'প্ৰিচিপিটেট

এই দ্ৰব্য সতেজ হিমায়িত প্লাজমাৰ (FFP) পৰা প্ৰস্তুত কৰা হয় য'ত ইয়াক বিশেষ কিছূ নিয়ন্ত্ৰিত পৰিস্থিতিত গলিবলৈ দিয়া হয়| দ্রুতগতিত ঘূৰ্ণীয়মান যন্ত্ৰত ঘূৰোৱাৰ পিছত গলিবলৈ ধৰা প্লাজমাৰ বৃহত্ অংশ আঁতৰাই দি ইয়াক পৃথক কৰিব পাৰি আৰু তাৰ পিছত পেকেটত ভৰাই গাঢ়ভাৱে হিমায়িত কৰি থ'ব পাৰি | ক্ৰায়'প্ৰিচিপিটেটত ফাইবিন'জেন নামৰ আন এবিধ প্ৰ'টিনো থাকে যি তেজ স্বাভাৱিকভাৱে গোটা মাৰিবৰ বাবে অত্যাৱশ্যকীয়| কোনো কোনো ক্ষেত্ৰত ই তেজৰ পৰা অস্থায়ীভাৱে অন্তর্ধান হৈ পৰে যাৰ ফলত ৰক্তক্ষৰণ হয়| ক্ৰায়'প্ৰিচিপিটেটৰ সৰবৰাহৰ ফলত ফাইবিন'জেনৰ অভাৱ ততালিকে পূৰণ হয় আৰু ৰক্ত ক্ষৰণ বন্ধ হয়| এই উপাদানক মাইনাচ ৪০ᵒ চেণ্টিগ্ৰেডত এবছৰৰ বাবে সংৰক্ষণ কৰিব পাৰি |