মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

স্বেচ্ছাকৃত ৰক্তদান শিবিৰৰ বন্দোৱস্ত কৰা

ৰক্তদাতা/দানৰ সৈতে জড়িত সংজ্ঞাসমূহ

আমাৰ দেশত ১ জানূৱাৰী ১৯৯৮ চনৰ পৰা পেশাদাৰী ৰক্তদান নিষিদ্ধ কৰা হয়|

স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা:

এজন এনে ব্যক্তি যিয়ে নগদ বা কোনো ধৰণৰ মূল্যৰ বিনিময়ত নহয়, বৰঞ্চ নিজ ইচ্ছামতে নিজৰ ৰক্ত, প্লাজমা বা অন্যান্য ৰক্তজাত উপাদান দান কৰে তেনেলোকক স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা বূলি কোৱা হয়| যদি ৰক্তদানৰ বাবে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে, ইয়াৰ বাবে যিকোনো কামৰ পৰা ৰেহাই দিয়া হয় | সৰু উপহাৰ, খোৱা খাদ্যৰ লগতে ৰক্তদানৰ বাবে হোৱা যাতায়তৰ ব্যয় আদি স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতাৰ ক্ষেত্ৰত বহন কৰা হয়|

ক) স্বেচ্ছাকৃত ৰক্তদানৰ দ্বাৰা 'অবৈতনিক' ৰক্তদানক বূজোৱা হয়|

খ) এজন এনে পৰোপকাৰী ৰক্তদাতা যিয়ে স্বেচ্ছাকৃতভাৱে কোনো ধৰণৰ ধন অথবা মূল্যৰ গ্রহণনকৰাকৈ ৰক্তদান কৰে |

স্বেচ্ছাকৃত ৰক্তদাতাৰ ভাগসমূহ:

  • নতুন স্বেচ্ছাকৃত ৰক্তদাতা:নতূন স্বেচ্ছাকৃত ৰক্তদাতা এনে এজন স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা যিয়ে আগতে কেতিয়াও ৰক্তদান নাই কৰা|
  • অক্ষম স্বেচ্ছাকৃত ৰক্তদাতা:অক্ষম স্বেচ্ছাকৃত ৰক্তদাতা এজন এনে স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা যিয়ে অতীতত ৰক্তদান কৰিছিল, কিন্তু বৰ্তমান এজন নিয়মীয়া ৰক্তদাতাৰ যোগ্যতা সমূহ পূৰণ নকৰে |
  • অবৈতনিক স্বেচ্ছাকৃত নিয়মিত ৰক্তদাতা:নিয়মীয়া স্বেচ্ছাকৃত অবৈতনিক ৰক্তদাতা এজন ৰক্ত দাতা যিয়ে অন্তত তিনিবাৰৰ বাবে ৰক্তদান কৰিছিল, যাৰ শেহতীয়া ৰক্তদান পূৰ্বৰ বছৰত কৰা হৈছিল আৰু প্ৰতিবছৰে অন্তত এবাৰ ৰক্তদান কৰে |
 

ৰক্তদাতাৰ অন্য শ্ৰেণীসমূহ:

১| পৰিয়াল/বদলি ৰক্তদাতা

ক) এজন এনে ব্যক্তি যিয়ে এজন ৰোগীৰ পৰিয়ালৰ লোক বা বন্ধূৰ অনূৰোধত ৰক্তদান কৰে| এই ব্যৱস্থাত নেদেখাÍক মূল্য দিয়াৰ থল থাকে য'ত ৰোগীৰ পৰিয়ালে ৰক্তদাতাক ধন দিয়ে |

খ) এজন পৰিয়াল/বদলি ৰক্তদাতা হৈছে এজন এনে ব্যক্তি যিয়ে নিজৰ পৰিয়ালৰ কোনো লোকক ৰক্তদান কৰে | এনে ক্ষেত্ৰত প্ৰায়ে সূৰক্ষিত ৰক্তলাভ কৰিবৰ বাবে ৰক্তদাতাক হয় বলপ্রয়োগ কৰা হয় অথবা ধন আদায় দিয়া হয়|

গ) এজন এনে পৰিয়ালৰ ব্যক্তি বা বন্ধূ যিয়ে নিজৰ পৰিয়ালৰলোকক কোনো ধৰণৰ মূল্য গ্রহণ নকৰাকৈ বিনামূলীয়া ৰক্তদান কৰে |

২) অৰ্থগ্রহণ কৰা/পেশাদাৰী ৰক্তদাতা:

এজনে এনে ৰক্তদাতা যিয়ে ধন বা অন্যান্য প্ৰকাৰৰ প্ৰদত্তৰ বিনিময়ত ৰক্তদান কৰে | আমাৰ দেশত ১ জানূৱাৰী ১৯৯৮ৰ পৰা পেশাদাৰী ৰক্তদান নিষিদ্ধ কৰা হয়|

৩) বলপ্রয়োগৰ ফলত ৰক্তদান কৰা দাতা:

এনে ব্যক্তি যি ৰক্তদান কৰিবলৈ ইচ্ছুক নহয় কিন্তু তেওঁতকৈ উচ্চ স্তৰ বা নিয়োগকৰ্তাৰ দ্বাৰা হেঁচা প্রয়োগ কৰাৰ ফলত ৰক্তদান দিবলৈ মান্তি হৈছে| কিছূমানলোকৰ প্ৰায়ে নিজৰ পদ হেৰুৱাৰ বা পদোন্নতি নোহোৱাৰ ভয় থাকে আৰু ফলস্বৰূপে অনিচ্ছাসত্বেও কিছূমান কাম কৰিবলগীয়াত পৰে |

৪| নিজৰ বাবে দান কৰা ৰক্তদাতা:

এজন ৰোগী যিয়ে নিজৰ ৰক্তদান কৰি সংৰক্ষিত আৰু পূনৰ ব্যৱহাৰৰ বাবে দিয়ে যাতে অষ্ট্ৰোপচাৰৰ সময়ত প্রয়োজন হ'লে পূনৰ নিজৰ ৰক্ত গ্রহণ কৰিব পাৰে | এই ক্ষেত্ৰত ৰোগীজন নিজেই এজন ৰক্তদাতা |

৫| নিজৰ বাবে কৰা ৰক্তদান

এই প্ৰক্ৰিয়াত এজন ব্যক্তিয়ে কোনো অষ্ট্ৰোপচাৰ বা চিকিৎসা প্ৰক্ৰিয়াৰ আগতেই নিজৰ ৰক্তদান কৰি সংৰক্ষণ কৰাই থয় যাতে পাছত ভিন্ন গোষ্ঠীৰ ৰক্তৰ বাবে বিপদত পৰিবলগীয়া নহয়|

৬) এফেৰেচিচ ৰক্তদাতা

এজন এনে ৰক্তদাতা যিয়ে তেওঁৰ তেজত থকা যিকোনো এটা উপাদানহে কোষ বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা দান কৰে | এনে ৰক্তদাতা স্বেচ্ছাকৃত অথবা বদলি দাতাও হ'ব পাৰে |

Downloads
TitleSizeDetail
File অবৈতনিক স্বেচ্ছাকৃত ৰক্তদান শিবিৰৰ তালিকা15.05 KBswf-image