ভাৰতবৰ্ষত প্ৰতিবছৰে ১ অক্টোবৰ তাৰিখে ব্যক্তিৰ জীৱনত ৰক্তৰ প্রয়োজনীয়তা আৰু মহত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰিবৰ বাবে ৰাষ্ট্রীয় স্বেচ্ছাকৃত ৰক্তদান দিৱস পালন কৰা হয়| ১৯৭৫ চনৰ ১ অক্টোবৰ তাৰিখে ভাৰতীয় ৰক্ত সৰবৰাহ আৰু ইমিউনোহেমট'লাজী সমাজ, ইণ্ডিয়ান চ'ছাইটি অৱ ব্লাড ট্ৰান্সফিউজন এণ্ড ইমিউনোহেমাট'লজি ৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল| ১৯৭১ চনৰ 22 অক্টোবৰ তাৰিখে শ্ৰীমতী কে স্বৰূপ কৃষেণ আৰু ডᵒ জে' জি' জলীৰ তত্বাৱধানত ইণ্ডিয়ান চ'ছাইটি অৱ ব্লাড ট্ৰান্সফিউজন এণ্ড ইমিউনোহেমাট'লজিৰ প্রতিষ্ঠা কৰা হৈছিল|
স্বেচ্ছাকৃত ৰক্তদানৰ গুৰুত্বৰ বিষয়ে সমগ্র বিশ্বৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰা|
আধূনিক স্বাস্থ্য সূৰক্ষা ব্যবস্থাত ৰক্তৰ সৰবৰাহ বা দান বা ৰক্তজাত দ্ৰব্যৰ দ্বাৰা ৰক্তৰ প্রয়োজন থকা ব্যক্তিক সহায় কৰাটো মানবীয়তাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে| কোনজন ৰক্তদাতা বা গ্রহণ কৰোঁতা এয়া সম্পূৰ্ণ গুৰুত্বহীন কথা কিয়নো এজন ৰক্তদান কৰোঁতা ব্যক্তি ভৱিষ্যতে এজন ৰক্ত গ্রহণ কৰোঁতা লোক হ'ব পাৰে আৰু তেনেদৰে এজন ৰক্ত গ্রহণ কৰোঁতা লোক ভৱিষ্যতে এজন স্বাস্থ্যবান ৰক্তদাতা ও হ'ব পাৰে | গতিকে কোনো প্ৰত্যাশা নকৰাকৈ ৰক্তদান কৰাটো এক মহান মানৱীয়তা আৰু জীৱন ৰক্ষা প্ৰণালীৰ এক অপৰিহাৰ্য্য অংশ| কেৱল নিজৰ পৰিয়াল বা বন্ধূ-বৰ্গকেই নহয় যিকোনো ব্যক্তিক স্বেচ্ছাকৃতভাৱে ৰক্তদান কৰাটোহে হৈছে প্ৰকৃত মানৱীয়তা যিহেতূ ইয়াৰদ্বাৰা বহুতো জীৱন ৰক্ষাকৰিব পাৰি |
ৰক্ত সৰবৰাহৰ ফলত হ'ব পৰা ৰক্ত সংত্ৰমিত ৰোগসমূহ ৰোধ কৰিবৰ বাবে এনেদৰে সংগ্রহ কৰা প্ৰতিটো ৰক্তৰ ইউনিট যত্নসহকাৰে পৰীক্ষা (নিউক্লিয়াৰ এচিড পৰীক্ষাৰ দৰে অত্যাধূনিক পৰীক্ষণ পদ্ধতি) কৰাটো বাধ্যতামূলক যাতে মাৰাত্মক ব্যাধিসমূহ যেনে এইডছ, উপদংশ ৰোগ, যকৃতৰ ৰোগ বা হেপাটইটিছ বি, হেপাটাইটিছ -চি, মেলেৰিয়া আৰু অন্যান্য ৰোগসমূহ ৰোধ কৰিব পাৰি | বৈতনিক বা পেশাদাৰী ৰক্তদাতা সকলৰ পৰিবর্তে স্বাস্থ্যবান লোকক সুৰক্ষিত ৰক্তদান স্বেচ্ছাকৃতভাৱে কৰিবৰ বাবে উৎসাহ জগাব লাগে| স্বেচ্ছাকৃত ৰক্তদাতা সকলে সাধাৰণতে মিথ্যাৰ আশ্ৰয় নলয় আৰু এটি মূল্যবান জীৱন ৰক্ষা কৰিবৰ বাবে ৰক্ত পৰীক্ষা কৰিবলৈও সন্মতি জনাই|
ৰাষ্ট্রীয় স্বেচ্ছাকৃত ৰক্ত দান দিৱসৰ দিনা সকলো ৰাজ্যতে জনসাধাৰণক ৰক্তদানৰ বিষয়ে অৱগত কৰিবৰ বাবে বিভিন্ন অনুষ্ঠান, সজাগতা সভা ৰক্তদান শিবিৰ আৰু সম্পূৰক প্ৰচাৰমূলক কাৰ্যৱলীৰ আয়োজন কৰা হয়| ড্ৰাগচ্ এণ্ড কচমেটিকচ এক্ট ১৯৪০ অনূসৰি ৰক্তদাতা সকলৰ বিভিন্ন মাপদণ্ড থাকে| এজন ৰক্তদাতাৰ বয়স ১৮-৬০ বছৰৰ ভিতৰত হ'ব লাগিব, শৰীৰৰ ওজন ৪৫ কি.গ্ৰা. বা তাতোকৈ অধিক হ'ব লাগিব, ধমনীৰ স্পন্দন ৬০ ৰ পৰা ১০০ প্ৰতি মিনিট, স্বাভাৱিক ৰক্তচাপ, হিম'গ্লবিন ১২.৫ গ্ৰাম/১০০মি' লি আৰু শৰীৰৰ উষ্ণতা ৩৭.৫ ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বেছি হ'ব নোৱাৰিব|
ৰক্ত হৈছে মানৱজীৱনৰ এক অপৰিহাৰ্য্য অংগ যিয়ে শৰীৰৰ কলা আৰু অঙ্গসমূহলৈ অত্যন্ত গুৰুত্বপূৰ্ণ পুষ্টিৰ যোগান ধৰে | ৰাষ্ট্রীয় স্বেচ্ছাকৃত ৰক্তদান দিৱসৰ পালনৰ দ্বাৰা জীৱন ৰক্ষা কৰিব পৰা সমাধান আৰু হিংসা আৰু আঘাত, শিশু জন্ম সম্বন্ধীয় জটিলতা, পথ দূৰ্ঘটনা আৰু অন্যান্য পৰিস্থিতিৰ ফলত হোৱা গুৰুতৰ স্বাস্থ্যৱস্থা ৰোধ কৰিব পৰা ক্ষমতাৰ বিষয়ে সমাজক অৱগত কৰা হয়|
সুৰক্ষিত ৰক্তদানৰ ফলত প্ৰতিবছৰে যিকোনো বয়সৰ লোকৰ জীৱন ৰক্ষা কৰিব পাৰি | ত্ৰিপূৰা, তামিলনাডূ, পশ্চিমবঙ্গ আৰু মহাৰাষ্ট্ৰ আদি ৰাজ্যক ৰাষ্ট্রীয় পৰ্যায়ৰ স্বেচ্ছাকৃত ৰক্ত দাতা হিচাপে গণ্য কৰা হয়| উত্তৰ-পূৱ ভাৰতৰ ত্ৰিপূৰাক সর্বোচ্চ স্বেচ্ছাকৃত ৰক্তদাতা (৯৩%) বূলি জনা যায় আনহাতে , এই উত্তৰ-পূৱ ভাৰতৰে ৰাজ্য মণিপূৰক সৰ্বনিম্ন স্বেচ্ছাকৃত ৰক্তদাতা বূলি কোৱা হয়|
স্বেচ্ছাকৃত ৰক্তদানৰ প্ৰতি মানূহৰ মনত থকা অজ্ঞতা ভয় ভূল ধাৰণাসমূহ দূৰ কৰিবৰ বাবে এই দিৱস উচ্চ পৰ্যায়ত পালন কৰাটো অতি প্রয়োজনীয়| স্বেচ্ছাকৃত সংস্থাসমূহে শিক্ষাৰ্থী/যূব, মহাবিদ্যালয়, শিক্ষানূষ্ঠান, সংঘষ্ঠা/এন.জি.অ' আদিক অনূপ্রেৰণা যোগাবৰ বাবে তেওঁলোকৰ মূল্যবান সময় আৰু প্রচেষ্টা আগবঢ়াইছে|
Title | Size | Detail |
---|---|---|
স্বেচ্ছাকৃত ৰক্তদানৰ প্ৰচাৰ | 20.93 KB |