মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

বিশ্ব ৰক্তদাতা দিৱস

বিশ্ব ৰক্তদাতা দিৱসৰ ইতিবৃত্ত

১৪ জূনৰ দিনটো সমগ্র বিশ্বতে প্ৰতি বছৰে ৰক্তাদাতা দিৱস ৰূপে পালন কৰা হয়| ১৮৬৮ চনৰ ১৪ জূনত জন্ম লাভ কৰা কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে এই দিনটোত বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা হয়| ২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে সূৰক্ষিত ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু অবৈতনিক ৰূপত স্বেচ্ছাকৃতভাৱে শাৰৰিীকভাৱে সবল ব্যক্তিৰ দ্বাৰা ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস পালন কৰা হৈছিল| এই দিৱসত ৰক্তদাতাসকলে অভাৱগ্ৰস্তলোকক ৰক্তদান কৰি জীৱন দান দি এক মূখ্য ভূমিকা পালন কৰে |

আৰ্ন্তৰাষ্ট্রীয় স্বাস্থ্য সেৱা সংগঠন ৰেড ক্ৰছ আৰু ৰেড ক্ৰেছেন্ট সমাজে ২০০৪ চনৰ ১৪ জূনৰ দিনা এই দিৱস প্ৰথবাৰৰ বাবে পালন কৰিছিল আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে পালন কৰিছে| বিশ্ব ৰক্তদাতা দিৱস আনূষ্ঠানিকভাৱে বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)এ ইয়াৰ ১৯২ খন সদস্য ৰাষ্ট্ৰৰ উপস্থিতিত ২০০৫ চনৰ মে' মাহত ৫৮ সংখ্যক বিশ্ব স্বাস্থ্য বৈঠকত বিশ্বৰ সকলো ৰাষ্ট্ৰৰে ৰক্ত দাতাসকলক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ অনূপ্ৰাণিত কৰিবৰ বাবে প্ৰতিষ্ঠা কৰিছিল| এনে কৰাৰ মূলতে আছিল ৰক্ত দাতাসকলক তেওঁলোকৰ মূল্যবান পদক্ষেপৰ বাবে কৃতজ্ঞতা জনোৱা আৰু স্বেচ্ছাকৃত, সূৰক্ষিত আৰু অবৈতনিক ৰক্ত দানৰ বাবে উদগনি জগাই পৰ্যাপ্ত ৰক্তৰ যোগান ধৰিবলৈ সমৰ্থ হোৱা|

বিশ্ব ৰক্তদাতা দিৱসৰ পালনৰ দ্বাৰা সকলো ৰক্ত দাতাক ৰাষ্ট্রীয় আৰু আৰ্ন্তৰাষ্ট্রীয় পৰ্যায়ত ৰক্ত দান কৰাৰ সূযোগ প্ৰদান কৰাৰ লগতে কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়| (কাৰ্ললেণ্ডষ্টেইনাৰ হ'ল এজন প্ৰসিদ্ধ বিজ্ঞানী যিয়ে এ, বি, অ. ৰক্তগোষ্ঠীৰ আৱিস্কাৰৰ বাবে ন'বেল বটা জয় কৰিছিল) |

বিশ্ব ৰক্তদাতা দিৱস কিয় পালন কৰা হয়

বিশ্ব ৰক্তদাতা দিৱস উদযাপনৰ দ্বাৰা ৰক্তৰ প্রয়োজন হোৱা বিশ্বৰ যিকোনো ব্যক্তিলৈ ৰক্ত সৰবৰাহ আৰু ৰক্তজাত দ্ৰব্যৰ সৰবৰাহৰ প্রয়োজনীয়তা পৰিপূৰ্ণ কৰা হয়| এই প্রচেষ্টাৰ দ্বাৰা প্ৰতি বছৰে দহ মিলিয়নতকৈ অধিকলোকৰ জীৱন ৰক্ষা কৰা হয় আৰু ৰক্ত লাভ কৰা ব্যক্তি গৰাকীৰ মূখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়| ৰক্ত সৰবৰাহৰ দ্বাৰা বিভিন্ন জীৱনৰ প্ৰতি হানিকাৰক স্বাস্থ্যৰ পৰিস্থিতিত ভূগি থকা ৰোগীক সহায় কৰা হয় আৰু তেওঁলোকক এক দীৰ্ঘ আৰু উন্নত জীৱনযাপন কৰিবলৈ উদ্দীপনা যোগাই| সমগ্র বিশ্বজূৰি বিৰাজমান বিভিন্ন চিকিৎসা আৰু শল্য চিকিৎসাৰ সমস্যাসমূহ ইয়াৰ দ্বাৰা সমাধানো কৰিব পৰা গৈছে| মহিলাৰ সন্তান প্ৰসৱ হোৱাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ত এই প্রচেষ্টাই বিশেষ জীৱন দায়িনী ভূমিকা পালন কৰিছে|

২০১৩ চনৰ বিশ্ব ৰক্ত দাতা দিৱস ফ্ৰান্সে তেওঁলোকৰ ৰাষ্ট্রীয় ৰক্ত সেৱা ফাঙ্কেইচ ডূ চেং (EFS) প্রতিষ্ঠানৰ জৰিয়তে পালন কৰে | ১৯৫০ চনৰ পৰা ফ্ৰান্সে স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্তদান কাৰ্যৰ প্ৰচাৰ চলাই আহিছে| ২০১৩ বৰ্ষৰ বিশ্ব ৰক্ত দাতা দিৱসৰ শ্লোগান আছিল ''জীৱন দান কৰক ৰক্ত দান কৰক'' আৰু এই বৰ্ষত এই প্রচেষ্টাই ৰোগীক ৰক্ত দান কৰা মূল্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ ১০ বছৰ বৰ্ষপুৰ্তি উদযাপন কৰিছিল |

এনেদৰে দান কৰা ৰক্তৰ দ্বাৰা গুৰুতৰ ভাৱে ৰক্তহীনতাত ভোগা মহিলা, শিশু, অধিক ৰক্তক্ষৰণ হোৱা দূৰ্ঘটনাগ্ৰস্ত লোক, শল্য চিকিত্সাধীন ৰোগী, কৰ্কট ৰোগী, থেলাসীমিয়া ৰোগী, হেম'ফিলিয়া ৰোগত আক্ৰান্ত ৰোগী, লোহিতৰক্ত কোষিকা ৰক্তহীনতা, ৰক্তজাত ব্যাধি, তেজ গোটামৰা ব্যাধি আৰু অন্যান্য বহুতো ৰোগীৰ প্ৰাণ ৰক্ষা কৰা হয়|

যিবোৰ স্থানত পৰ্যাপ্ত পৰিমাণৰ ৰক্ত যোগান ধৰিব পৰা নাযায় তেনে ঠাইত বিভিন্ন প্ৰাণ হানিকাৰক পৰিস্থিতিৰ উদ্ভ্ৰৱ হয়| পৰ্যাপ্ত পৰিমাণৰ ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ যোগান কেৱল স্ব-অনূপ্ৰাণিত স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্ত দাতাৰ নিয়মিত আৰু সুৰক্ষিত ৰক্ত দানৰ দ্বাৰাহে সম্ভৱ | বিশ্ব ৰক্ত দাতা দিৱসৰ কিছূমান উদ্দেশ্য তলত উল্লেখ কৰা হ'ল–

  • বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰক্ত দাতাৰ পৰা পৰ্যাপ্ত পৰিমাণৰ স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্তদান লাভ কৰাৰ লক্ষ্য হাতত লৈছে|
  • পৰিসংখ্যা মতে মাত্ৰ ৬০ খন ৰাষ্ট্ৰই স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্ত দাতাৰ পৰা যথোচিত ৰক্ত দান লাভ কৰিছে, আনহাতে ৪০খন এনে ৰাষ্ট্ৰও আছে য'ত এতিয়াও ৰক্তৰ প্রয়োজনত থকা ৰোগীৰ পৰিয়াল অথবা বৈতনিক ৰক্তদাতাৰ পৰা ৰক্ত গ্রহণ কৰা হয়| এই দিৱসৰ উদযাপনৰ দ্বাৰা সমগ্র বিশ্বতে স্বেচ্ছাকৃত ৰক্তদান কৰিবলৈ ৰক্তাদাতাসকলক অনূপ্রেৰণা যোগোৱা হয়|
  • ৰক্তদান লাভ কৰা ৰোগীৰ প্ৰতি কৰা এই দান এক মূল্যবান উপহাৰ হিচাপে গণ্য কৰা আৰু এটা নতূন জীৱন দান কৰা|
  • বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সকলো ৰাষ্ট্ৰতে বিভিন্ন কাৰ্যাৱলীৰ দ্বাৰা এনেলোক যাক জৰুৰীকালীনভাৱে ৰক্তদানৰ প্রয়োজন তেনে জীৱন কাহিনী প্ৰচাৰ কৰি এই প্রচেষ্টা অব্যাহত ৰাখিছে|
  • সমগ্র বিশ্বজূৰি ব্যাপি থকা স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্ত দাতাসকলে লক্ষ লক্ষলোকৰ জীৱন বচাই অহাৰ বাবে কৃতজ্ঞতা জ্ঞাপনৰ অৰ্থে এই দিৱস পালন কৰা হয়|
  • সমগ্র বিশ্বজূৰি প্রয়োজন হোৱা ১০০ শতাংশ স্বেচ্ছাকৃত আৰু অবৈতনিক ৰক্তদাতাৰ বাবে এই দিৱস পালন কৰা হয়|
  • সন্তানসম্ভৱা মাতৃ আৰু শিশুসকলৰ (দেশৰ ভৱিষ্যত) জীৱন ৰক্ষা কৰিবৰ বাবে সুৰক্ষিত ৰক্ত দান কৰিবলৈ ৰক্ত দাতাসকলক অনূপ্ৰাণিত কৰিবৰ বাবে এই দিৱস পালন কৰা হয়|
  • অপৰ্যাপ্ত ৰক্ত যোগানৰ ফলত হোৱা মৃত্য়ুৰ হাৰ হ্রাস কৰিবৰ বাবে এই দিৱস পালন কৰা হয়| প্ৰায় ৮০০ মহিলাৰ পুষ্টিহীন সন্তান সম্ভাবাৱস্থা, প্ৰসৱকালীন জটিলতা, প্ৰসৱৰ পূৰ্ব বা পৰৱৰ্তী পৰ্যায়ত হোৱা গুৰুতৰ ৰক্তক্ষৰণৰ ফলত মৃত্য়ু ঘটে|
  • শিক্ষামূলক কাৰ্যাৱলী প্রচেষ্টাৰ জৰিয়তে স্বেচ্ছাকৃত ৰক্তাদাতাসকলক অনূপ্ৰাণিত কৰি ৰক্ত পৰিবহণ সেৱাক শক্তিশালী কৰিবলৈ এই দিৱস পালন কৰা হয়|
 

বিশ্ব ৰক্ত দাতা দিৱস কেনেদৰে পালন কৰা হয়|

বিশ্ব ৰক্ত দাতা দিৱস প্ৰতি বছৰে সমগ্র বিশ্বজূৰি সুৰক্ষিত ৰক্ত সৰবৰাহ আৰু ৰক্তদানৰ সৰ্ম্পকে বূজাবৰ বাবে পালন কৰা হয়| এই দিৱসৰ দিনা আৰ্ন্তৰাষ্ট্রীয় আৰু ৰাষ্ট্রীয় স্তৰত বিভিন্ন কাৰ্যাৱলী আৰু কাৰ্যসূচী পালন কৰা হয়|

স্বাস্থ্য সূৰক্ষা সংস্থাসমূহ যেনে বিশ্ব স্বাস্থ্য সংস্থা, আৰ্ন্তৰাষ্ট্রীয় স্বাস্থ্য সেৱা সংগঠন ৰেড ক্ৰছ আৰু ৰেড ক্ৰেছেন্ট সমাজ (IFRC), আৰ্ন্তৰাষ্ট্রীয় ৰক্তদাতা সংগঠন (ইন্টাৰনেশ্যনেল ফেডাৰেচন অৱ ব্লাড ডনৰ অগেনাইজেচন IFBDO) আৰু আৰ্ন্তৰাষ্ট্রীয় ৰক্ত সৰবৰাহ সমাজ ইন্টাৰনেশ্যলেন চ'ছাইটি অৱ ব্লাড ট্ৰান্সফিউজন ISBT) আদিয়ে আৰ্ন্তৰাষ্ট্রীয় স্তৰত যূটীয়াভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি বিশ্বজূৰি মানূহক সজাগ কৰি আহিছে|

এই প্রচেষ্টাৰ প্ৰস্তুতিসমূহ ইউৰোপীয় পৰিষদে (কাউন্সিল অৱ ইউৰোপ) বহু বছৰ ধৰি চলাই আহিছে| যদিও বিশ্বজূৰি প্ৰতিবছৰে প্ৰায় ৯২ মিলিয়ন লোকে ৰক্তদান কৰি আহিছে তথাপিও সুৰক্ষিত ৰক্ত সৰবৰাহৰ চাহিদা দিনকদিনে বাঢ়িছে | এনে অনুষ্ঠানসমূহত বিভিন্ন কাৰ্যাৱলী যেনে স্মাৰক অনুষ্ঠান, সভা, আলোচনা, তৰ্ক, কূইজ প্ৰতিযোগীতা, বাতৰিকাকতত এই সম্বন্ধীয় লিখা প্ৰকাশ বৈজ্ঞানিক সন্মিলন, বিশ্বজূৰি লিখিত প্ৰবন্ধ প্ৰকাশ, আৰ্ন্তৰাষ্ট্রীয় বৈজ্ঞানিক পত্ৰিকা প্ৰকাশ, ক্রীড়া কাৰ্যালৱী আৰু অন্যান্য প্ৰচাৰমূলক কাৰ্যসূচী ৰাজহুৱা স্থান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু আন শিক্ষানুষ্ঠানত সম্পন্ন কৰা হয়|

বিশ্ব ৰক্তদাতা দিৱসৰ বিষয়সমূহ

  • ২০১৫ চনৰ বিষয় ''মোৰ জীৱন ৰক্ষাকৰাৰ বাবে ধন্যবাদ|''
  • ২০১৪ চনৰ বিষয় ''সূসুৰক্ষিতৰক্তদানৰ দ্বাৰা মাতৃৰ জীৱন ৰক্ষা''
  • ২০১৩ চনৰ বিষয় ''জীৱন দান দিয়ক : ৰক্ত দান কৰক''|
  • ২০১২ চনৰ বিষয় ''প্ৰতিজন ৰক্তদাতাই একোজন নায়ক (হিৰ')''|
  • ২০১১ চনৰ বিষয় ''অধিক ৰক্তদান, অধিক জীৱন|''
  • ২০১০ চনৰ বিষয় ''বিশ্বৰ বাবে নতূন ৰক্ত''|
  • ২০০৯ চনৰ বিষয় ''১০০ শতাংশ অবৈতনিক ৰক্ত আৰু ৰক্তজাত দ্ৰব্যৰ দান লাভ কৰা|''
  • ২০০৮ চনৰ বিষয় ''নিয়মিত ভাৱে ৰক্ত দান কৰক''|
  • ২০০৭ চনৰ বিষয় ''সুৰক্ষিত মাতৃত্বৰ বাবে সুৰক্ষিত ৰক্ত''|
  • ২০০৬ চনৰ বিষয় ''বিশ্বজনীনভাৱে সুৰক্ষিত ৰক্ত লাভ কৰাৰ প্ৰতি অংগীকাৰবদ্ধ''|
  • ২০০৫ চনৰ বিষয় ''আপোনাৰ ৰক্তৰ উপহাৰ উদযাপন|''
  • ২০০৪ চনৰ বিষয় ''ৰক্তই জীৱন ৰক্ষা কৰে | সুৰক্ষিত ৰক্তৰ মোৰ পৰা আৰম্ভণি|''