মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State Blood Transfusion Council

হিম’গ্লবিন’পেথী

হিম'গ্লবিন'পেথী কি•

হিম'গ্লবিন'পেথী হৈছে এক প্ৰকাৰৰ বংশানূত্ৰমিক খূঁত যাৰ ফলত হিম'গ্লবিন অণূৰ গ্লবিন শৃংখলত অস্বাভাৱিক গঠন দেখা যায়| হিম'গ্লবিন'পেথীসমূহ উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা একক বংশানূব্যাধি আৰু অধিক সংখ্যক ক্ষেত্ৰত এনে ব্যাধি স্বয়ংক্ৰিয় সহ-প্ৰভাৱশালী বৈশিষ্টৰৰূপত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা যায়| সচৰাচৰ দেখা হিম'গ্লবিন'পেথীৰ ভিতৰত লোহিত ৰক্তকোষৰ ব্যাধি অন্যতম|

হিম'গ্লবিন'পেথীৰ প্ৰকাৰসমূহ

  • থেলাসীমিয়া
  • লোহিত ৰক্ত কোষিকা
  • বংশগত হিম'লিটিক এনিমিয়া
 

লোহিত ৰক্ত কোষিকা ব্যাধি কি•

লোহিত ৰক্ত কোষিকাৰ দ্বাৰা বংশগতভাৱে লাভ কৰা এক প্ৰকাৰৰ লোহিত ৰক্ত কোষিকাৰ ব্যাধিক বূজোৱা হয়| এনে ব্যাধি থকা ব্যক্তিৰ লোহিত ৰক্ত কোষিকাত হিম'গ্লবিন এচ বা লোহিত হিম'গ্লবিন নামৰ এক প্ৰকাৰৰ অস্বাভাৱিক হিম'গ্লবিন পোৱা যায়|

হিম'গ্লবিন হৈছে এক প্ৰকাৰৰ প্ৰটিন যি লোহিত ৰক্ত কণাৰ ৰূপত সমগ্র শৰীৰÍল অক্সিজেন সৰবৰাহ কৰে |

বংশগত মানে হ'ল এবিধ ব্যাধি যি বংশানূৰ দ্বাৰা পিতৃ-মাতৃৰ পৰা সন্তানৰ শৰীৰলৈ ৰূপান্তৰিত হয়| লোহিত ৰক্ত কোষিকা সংক্ৰামক ৰোগ নহয়| এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ পৰা চৰ্দি বা অন্যান্য সংক্ৰমণৰ দৰে এনে ব্যাধি লাভ কৰিব নোৱাৰে |

থেলাসীমিয়া কি•

থেলাসীমিয়া হৈছে এক প্ৰকাৰৰ ৰক্তহীনতা প্ৰাপ্ত হোৱা ব্যাধি| এনে ব্যাধিত আক্ৰান্ত ব্যক্তিৰ হিম'গ্লবিনৰ উৎপাদন বিসংগতিপূৰ্ণ আৰু লোহিত ৰক্ত কণাৰ উৎপাদন অকাৰ্যকৰী অৰ্থাৎ অস্থি মজ্জাৰ ৰক্তাকণাৰ উৎপাদনত অসফল| থেলাসীমিয়া হৈছে বংশগতভাৱে লাভ কৰা ব্যাধি সমূহৰ ভিতৰত অন্যতম প্ৰধান| এই ব্যাধি ভূমধ্য, আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ বংশোদ্ভ্ৰৱ সকলৰ মাজত ভৌগোলিকভাৱে প্ৰচালিত| বংশগত কাৰণৰ বাহিৰে এই ব্যাধিৰ উত্পত্তিৰ অন্য কোনো কাৰণ বিচাৰি পোৱা নাযায়|